১৯ শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰত ৰায়ত সভা আৰু নগাঁৱত ৰায়ত সভা গঠন কৰা হৈছিল।
ৰায়ত সভাৰ উদ্দেশ্য আছিল 一
(ক) গ্ৰেজিং কৰ বন্ধ কৰা,
(খ) মাটিৰ খাজানা হ্ৰাস কৰা,
(গ) পূৰ্ৱ বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।
ৰায়ত সভাৰ ভূমিকাঃ一
ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। অৱশ্যে ১৮৬১-১৮৯৩ চনলৈ ভূমি ৰাজহৰ প্ৰতিবাদত কৃষকৰ দ্বাৰা উত্তৰ কামৰূপকে ধৰি অন্য ঠাইত হোৱা প্ৰতিবাদত ৰায়ত সভাই কোনো ভূমিকা লোৱা নাছিল।
১৯৩০-৩৪ চনৰ আইন আন্দোলনৰ সময়ত অসম কংগ্ৰেছ সমিতিৰ তত্ত্বাৱধানত অসমত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল। এইবিলাকৰ ভিতৰত নদুৱাৰ, ছয়দুৱাৰ, শিৱসাগৰ আৰু দৰংৰ ৰায়ত সভাবোৰ উল্লেখযোগ্য। আইন আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই ৫০% ভূমিৰ ৰাজহ হ্ৰাস কৰাৰ বাবে দাবী জনাইছিল।
১৯৩৪ ৰ পৰা ১৯৩৯ চনৰ ভিতৰত অসমত প্ৰায় ৩০০ খন ৰায়ত সভা গঢ়ি উঠিছিল।কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত ১৯৩৯ চনৰ পৰা অসমত ৰায়ত সভাসমূহৰ কাম-কাজ নোহোৱা হৈ পৰিল আৰু বিভিন্ন অঞ্চলৰ ৰায়ত সভাসমূহ কংগ্ৰেছ সমিতিত বিলীন হৈ পৰিল।