উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান,
জল, স্থল ,অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।।
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
জল, স্থল, অন্তৰীক্ষ সকলোতে যে ভগৱানৰ অস্তিত্ব পাব পাৰি। সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। যি আৰাধনাৰ আঁৰত সোমাই আছে ঈশ্বৰৰ ভক্তি স্বৰূপ। কবিয়ে সৃষ্টি কৰ্তাৰ সন্ধান বিচাৰিছে আৰু তেনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। গছৰ শিৰে শিৰে বন বিহংগৰ সুমধুৰ সংগীতে যেন জল, স্থল আৰু অন্তৰীক্ষ সকলোতে যেন দেৱতাৰহে সন্ধান দিছে। সেয়েহে কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে আৰু লগতে প্ৰকৃতিৰ উপাদানবোৰক উপভোগ কৰিবলৈ আহ্বান জনাইছে।