ব্যাখ্যা কৰা।

By u255f5c61b2 on 3 days ago

কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ

শেষ হ'ল মহা কালৰাত্ৰি,

উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,

উঠা যত মুক্তি পথযাত্ৰী।

April 1, 2025, 9:08 a.m.

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই ভগৱানৰ অস্তিত্ব বিচাৰি পাব পাৰি, সেইকথা ক'বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।

জীৱশ্ৰেষ্ঠ মানুহে সংসাৰৰ সাগৰত মত্ত হৈ থাকি যে শেষত মুক্তি বিচাৰি হাবাথুৰি খায়। মুক্তিৰ বাবে তেওঁলোকে কঠোৰ ধ্যান সাধনাত ব্যস্ত হয় আৰু তেওঁলোকে বহুতো পৱিত্ৰ তীৰ্থস্থানলৈ যায়, ভগৱানক লাভ কৰি মুক্তি পাবৰ বাবে। তেওঁলোকে ভগৱানক পাবলৈ বিচাৰে যাতে তেওঁলোকৰ মুক্তিৰ পথ প্ৰশস্ত হয়। কিন্তু কবিৰ মতে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই সত্য সুন্দৰ। পুৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে প্ৰকৃতিক আদৰিহে আনিছে। চৌদিশে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰ সন্ধান হে দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। ক্লেদযুজ পৰিৱেশ আতৰাই প্ৰকৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰিছে। মহা কালৰাত্ৰিৰ শেষ হৈ পৃথিৱীত নতুন ৰূপ উজ্বলি উঠিছে। কবিয়ে এই প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে প্ৰকৃতিপ্ৰেমী কবিয়ে ক'বলৈ বিচাৰিছে যে ভগৱানক পাবলৈ বেলেগে ধ্যান সাধনা কৰাৰ প্ৰয়োজন নাই। একান্ত চিত্তে প্ৰকৃতিক ভাল পাব পাৰিলে, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিব পাৰিলে তাৰ মাজতেই ভগৱানৰ অস্তিত্ব পাব পাৰি। সেয়েহে কবিয়ে মুক্তি পথ যাত্ৰী সকলো মানৱক প্ৰকৃতিৰ মাজলৈ আহিবলৈ, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে।