Add Book Write Article
Cancel

ব্যাখ্যা কৰাঃ

By u255f5c61b2 on 1 week ago

কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ | শেষ হ’ল মহা কালৰাত্রি , উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র উঠা যত মুক্তি পথযাত্রী ।

April 1, 2025, 9:17 a.m.

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে।

বাখ্যাঃ এই পৃথিৱীখনৰ সকলো আৱৰ্জনা, প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্য্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন। মানুহো প্ৰকৃতি জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আৱদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি কবলৈ হলে দুখ - যন্তণা প্ৰধান। সংসাৰৰ মায়া - মোহে সেইবোৰ দুগুনে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে।