Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ব্যাখ্যা কৰাঃ-

উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ । ছন্দভৰা সুমধুৰ তান , জল স্থল অন্তৰীক্ষ সকলােতে যেন | দেৱতাৰ মহা অভিযান ।

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ কব বিচাৰিছে।

বাখ্যাঃ সূৰ্য্য উদয় হোৱাৰ লগে লগে প্ৰকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰায়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে - পানীয়ে, আকাশে - বতাহে, গছে - বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিবেশৰ। যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ।

Write Your Answer