প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে ।এনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বহুতো উপাদান টানি আনিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে-বনে ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলবোৰ জকমকাই ফুলি উঠিছে। চৰাই-চিৰিকটিয়ে সুললিত গীত গাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনেদৰে কবিয়ে কবিতাটোত প্ৰকৃতিৰ উপাদানবোৰ টানি আনিছে।