Posted by hirak • 7 days ago
১১। "ভাৰতীয় সংস্কৃতি" পাঠটোৰ সাৰাংশ লিখা।
Discussions (1)
hirak
·
7 days ago
ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি যুগ যুগ ধৰি আৰ্য ,অনাৰ্য , মংগোলীয় , দ্ৰাবিড় আদি বিভিন্ন গোষ্ঠী সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতি সাগৰ ৰচিত হৈছে। অতিজতে গ্ৰীক, শক, হুন আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ, বিশেষকৈ শিল্পকলা, দৰ্শন, ভাস্কৰ্য, ৰাজনৈতিক আদৰ্শ, চিত্ৰকলা আদি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান-প্ৰদান বিনিময় আদিৰ মাজেৰে পৰিৱৰ্তিত ভাৰতীয় সংস্কৃতি স্বৰূপে আত্মপ্ৰকাশ কৰিছে। ক্ৰমবৰ্দ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ জীৱন্ত শক্তি। সভ্য সমাজ অবিহনে সৃষ্টিমূলক যি কোনো কাম হাতত লোৱাটো ব্য়ক্তিৰ সাপেক্ষে সম্ভৱপৰ নহয়। ভাৰতীয় সংস্কৃতি মৰ্মস্থলী সুসং গঠিত আৰু শক্তিশালী হোৱাৰ বাবে বাহিৰৰ পৰা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰৱাহিত হৈ যাবলৈ সক্ষম হৈছিল। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ হোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্মৰ ইতিহাসত সমন্বয়ৰ বাৰ্তা বহন কৰিছিল। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীত এই বিষয়ে অনুমান কৰাত সহায় আগবঢ়াইছে।
ভাৰতত আদিম অধিবাসীসকলৰ অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল যদিও সাংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্যৰ কৃষ্টি সমল গ্ৰহন কৰি স্বকীয় সংস্কৃতিত পৰিবৰ্ধন কৰিছিল। প্ৰকৃত পক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক হে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হৈছিল। চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত এক অভূতপূৰ্ব সাদৃশ্য দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পৰা আমি সুকুমাৰ কলা, শিল্পী, সাহিত্য, ভাস্কৰ্য আদি সকলো ভাৰতীয় জীৱনৰ প্ৰাণ স্বৰূপ সমন্বয়ৰ ইংগিত পাই আহিছিলো। আনহাতে, হিন্দু ভাস্কৰ্য কলাৰ কেতবোৰ নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা নিদৰ্শন পোৱা গৈছে। সাংস্কৃতিক ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শন জন্ম দিছিল। মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰ-শিল্পৰ নতুন বিৱৰণৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিত্ববোধ। এই ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা লমষ্ঠি জীৱনৰ কোনো সংবাদ নাছিল। আধ্যাত্মিকতাবাদে প্ৰাক-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল। সামাজিক জীৱন-ধাৰাত ব্যক্তিৰ মুক্তিবাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলাইছিল। পদতলিত সাধাৰণ মানুহে অদৃষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি পৰাজয় স্বীকাৰ কৰি লৈছিল। সাহিত্য সম্পদৰ দিশৰ পৰাও ভাৰতীয় সংস্কৃতি উল্লেখনীয়ভাৱে চহকী। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অতন্ত্য চহকী। পাঠদান আৰু মোগলৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উকৰ্ষ লাভ কৰিছিল। সেইদৰে মাহাৰাষ্টৰ ভক্তিমূলক কাব্য সাহিত্যৰো সৌৰভ বিশ্বজনীত। অতীজৰ স আৰু সত্য়ৰূপে স্বীকৃত সাংস্কতিক সম্পদৰ সৈতে বৰ্তমান সাংস্কৃতিৰ ভেটি-নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্যৰূপ লাভ কৰিব বুলি কবিয়ে আশা প্ৰকাশ কৰিছে। ভাৰতীয় সমণ্বয়ৰ আৰ্হি আগত ৰাখিহে যুগজয়ী ৰূপত আগবঢ়া উচিত।
Log in
to join the discussion.