Posted by hirak • 7 days ago
১৫। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
Discussions (1)
hirak
·
7 days ago
অজন্তাৰ গুহাৰ অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাস যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ'ল চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰত মূলতঃ দুটা ভাৱবস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকন কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছাসময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতা ফুটি উঠিছিল। আনফালে আকৌ, প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাৱবস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ-মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।
Log in
to join the discussion.