Posted by hirak • 7 days ago
২০।(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
Discussions (1)
hirak
·
7 days ago
উত্তৰঃ- প্ৰসংগঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য চয়নিকা"ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত "ভাৰতীয় সংস্কৃতি" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ লিখকে বিভিন্ন উত্থান-পতন সত্ত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে। ব্য়াখ্য়াঃ ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন আৰু ভঙা-গঢ়াৰ বুৰঞ্জী। এই দেশখনৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা বহুতৰে চকু আছিল। এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ, ইত্যাদি ঘটনা ভাৰতৰ বুৰঞ্জীৰ ভাৰাক্ৰান্ত আছিল। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ বুৰঞ্জী আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, শক, হুণ, গ্ৰীক আদি বিভিন্ন দল আক্ৰমণকাৰী ৰূপে ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গৈছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয়-পৰাজয়, ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়া আদিৰ বিভিন্ন কাহিনী ৰচিত হৈছিল। এয়ে হ'ল ভাৰতীয় সংস্কৃতিৰ উত্থান-পতন, ভঙা-গঢ়াৰ ঐতিহ্য।
Log in
to join the discussion.