Posted by hirak • 7 days ago

৪। “ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব ?”—এইদৰে কোনে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।

Discussions (1)
hirak · 7 days ago
এইদৰে প্ৰীতমে সুধিছিল।
তাৰ উত্তৰত শিক্ষকজনে এনেধৰণে কৈছিল 一 "তুমি কোনটো দিশত উদ্য়োগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্ত এইবোৰ ব্য়ৱসায়তো কৃতকাৰ্য্য় হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান আদি খোলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা Skill থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্য়ৱসায়ত কৃতকাৰ্য্য়তা লাভ কৰিব নোৱাৰি"।
Log in to join the discussion.