Posted by hirak • 7 days ago
৭। "দৃশ্যান্তৰ" কবিতাটোৰ কবি গৰাকীৰ এটা চমু পৰিচয় দিয়া।
Discussions (1)
hirak
·
7 days ago
হৰেকৃষ্ণ ডেকাৰ ১৯৪৩ চনত জন্ম হয়। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় । ১৯৬৩ চনত কটন কলেজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ.পাচ কৰে। তেখেতে গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি ২০০৩ চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহন কৰে। তেখেতে "The Sentinel" আৰু "গৰীয়সী" আলোচনীৰ সম্পাদনাৰ দায়িত্বও গ্ৰহণ কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল "আগন্তুক"। তেখেতে "ৰাতিৰ শোভাযাত্ৰা", "আন এজন", "Sea-Scare" আদি কবিতাপুথি; "গল্প আৰু কল্প", "মধুসূদনৰ দলং", "মৃত্যুদণ্ড" আদি গল্পপুথিৰ ৰচনা কৰাৰ উপৰি কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেখেতে ১৯৮৭ চনত "সাহিত্য অকাডেমী বঁটা", ১৯৯৬ চনত "কথা-বঁটা" আৰু ২০১০ চনত "আসাম ভেলী লিটাৰীৰ (অসম উপত্যকা সাহিত্য বঁটা)" বঁটা লাভ কৰে।
Log in
to join the discussion.