Posted by hirak • 7 days ago

৮। ব্য়াখ্য়া কৰাঃ (ক) "মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই।"

Discussions (1)
hirak · 7 days ago
প্ৰসংগঃ উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ কবিতাশাৰীৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমিয়াত উটি-ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে।
ব্য়াখ্য়াঃ বৰ্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে।মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ ল'ব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহবোৰ শিক্ষা-দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সৱলতা, মৰম, দয়া আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে-আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক'ব বিচাৰিছে উক্ত কবিতাফাঁকিৰ দ্বাৰা।
Log in to join the discussion.