Posted by hirak • 4 days ago
৮। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।
Discussions (1)
hirak
·
4 days ago
ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম-কাজ, খেলা-ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে। সাধাৰণতে আজিকালিৰ ছাত্ৰ-ছাত্ৰীয়ে ইন্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায়। কোনো ধৰণৰ অনুষ্ঠান-উৎসৱত আজিকালিৰ ল'ৰা-ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায়। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে। ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইন্টাৰনেট সংলগ্ন ম'বাইল চাই চাই যাওঁতে বহুতো পথ দুৰ্ঘটনাও হৈছে। বহু সময়ত ইন্টাৰনেটত প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে।
Log in
to join the discussion.