Posted by bulmoni • 6 days ago

"আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে৷" _ এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা।

Discussions (1)
bulmoni · 6 days ago
গান্ধীজী অসম পৰ্যটনলৈ আহোঁতে তেজপুৰ জাহাজঘাটত নমাৰ পিছত মি:ফুকনে গোহাঞিবৰুৱাক তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা বুলি পৰিচয় কৰাই দিছিল। তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল, "আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।" তেতিয়া মি:ফুকনে গান্ধীজীক বুজাই কৈছিল যে, 'ৰায়চাহাব' খিতাপ গোহাঞিবৰুৱাক চৰকাৰে দিয়া হয় যদিও আচলতে তেওঁ ৰাইজৰ উন্নতিৰ হকেহে কাম কৰে।
Log in to join the discussion.