Posted by bulmoni • 7 days ago
আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া?
Discussions (1)
bulmoni
·
7 days ago
আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় তলত দিয়া হ'ল -
ক) ইংৰাজ: আৰ্য্যসকলৰ পিছত ভাৰতবৰ্ষলৈ অহা বিদেশী জাতিৰ ভিতৰত ইংৰাজ সকল অন্যতম। প্ৰথমতে তেওঁলোকে ব্যৱসায় বাণিজ্যৰ উদ্দেশ্যে ভাৰতলৈ আহিছিল যদিও পিছলৈ তেওঁলোকে ভাৰতৰ শাসনভাৰো কাঢ়ি লৈছিল। ইংৰাজৰ ভাৰতলৈ আগমনৰ ফলস্বৰূপে আামাৰ দেশলৈ পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ আগমন ঘটিছিল। খ) মোগল : আৰ্য্যসকলে ভাৰতত বসতি বিস্তাৰ কৰাৰ পিছত ভাৰতলৈ অহা বিদেশী জাতিবোৰৰ ভিতৰত মোগল সকলো অন্যতম। ১২০৬ চনৰ পৰা ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহলৈকে ভাৰতত মোগলসকলে ৰাজত্ব কৰিছিল। ভাৰতৰ খাদ্য সম্ভাৰ, স্থাপত্য ভাস্কৰ্যতো এওঁলোকৰ প্ৰভাৱ পৰিছিল। ভাৰতৰ বিভিন্ন অঞ্চলিক ভাষাৰ শব্দমালাৰ মুছলমানসকলৰ বিভিন্ন শব্দ অন্তৰ্ভুক্ত আছে।
Log in
to join the discussion.