Posted by bulmoni • 7 days ago
অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি?
Discussions (1)
bulmoni
·
7 days ago
অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত সজাগতা হ'ল এটা শক্তিশালী আহিলা। অন্ধবিশ্বাস, কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে, একৈশ শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায় সেইটো বুজি পাব লাগিব। সেয়েহে বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টি অন্তৰ্ভুক্ত কৰিব লাগিব যাতে ছাত্ৰ- ছাত্ৰীয়ে অন্ধবিশ্বাস, কুসংস্কাৰৰ ভয়াবহতা সৰুৰে পৰা বুজি পায়। বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা বা তেনে ধৰণৰ অন্যান্য প্ৰতিযোগিতাৰে ছাত্ৰ ছাত্ৰীক জড়িত কৰিও সজাগতা আনিব পৰা যায়। তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী। জনসাধাৰণৰ মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিৰ্মূল কৰাৰ বাবে বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠাটো অত্যন্ত প্ৰয়োজন।
Log in
to join the discussion.