Posted by bulmoni • 7 days ago

অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।

Discussions (1)
bulmoni · 7 days ago
যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাসে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্য কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেয়েহে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল- “অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।"
Log in to join the discussion.