Posted by bulmoni • 6 days ago

অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ৷

Discussions (1)
bulmoni · 6 days ago
অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে। নিজৰ ঘৰত এখন আঞ্জা,আনৰ ঘৰত পাঁচখন বিচাৰে। নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ’লে এখোজো নলৰে। মুঠ কথা লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়৷ খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে, কাৰণ তেনেহ’লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়।
Log in to join the discussion.