Posted by bulmoni • 2 days ago

অসম চৰকাৰে অসমীয়া চিনেমা-শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে ?

Discussions (1)
bulmoni · 2 days ago
হাজাৰ হাজাৰ লোকৰ কর্ম সংস্থাপনৰ উপৰিও শিল্প সংস্কৃতিৰ বিকাশত কথাছবি বা চলচ্চিত্ৰ উদ্যোগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত 'জয়মতী' কথাছবি নির্মাণৰ দ্বাৰা অসমীয়া কথাছবিৰ শুভাৰম্ভ কৰে।
অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্রচেষ্টাত। পৰ‍ৱর্তী কালত চৰকাৰে অসমীয়া চলচ্চিত্র শিল্পক সহায় কৰিবলৈ প্ৰযোজকক আর্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত চৰকাৰে জ্যোতিচিত্রবন ছোছাইটি নামেৰে ষ্টুডিঅ’ কমপ্লেক্স নির্মাণ কৰি অসমৰ চিত্র নির্মাতাসকলক ছবি নির্মাণৰ প্রযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এই চৌহদতে স্থাপন কৰা হৈছে‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ নামৰ চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ বিদ্যালয় এখন। ছবি প্রযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে 'অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’। চৰকাৰে চলচ্চিত্র সংগ্রহালয় আৰু আর্কাইভও স্থাপন কৰিছে।
Log in to join the discussion.