Posted by bulmoni • 2 days ago

অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।

Discussions (1)
bulmoni · 2 days ago
১৯৬৯ চনত ব্ৰজেন বৰুৱাই পৰিচালনা কৰা 'ডাঃ বেজবৰুৱা' ছবিৰ দ্বাৰা অসমীয়া বিনোদনধর্মী চিনেমাৰ ধাৰাটোৰ আৰম্ভ হয়। এই ছবিবোৰৰ প্ৰায়ভাগৰে কাহিনী আছিল আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰা। 'মুকুতা’, ‘যোগ বিয়োগ', 'উপগ্ৰহ', 'ভাইটি', ‘চামেলি মেম চাহাব’, ‘আজলী নবৌ’ আদি এই ধাৰাৰ ছবি। এই ছবিবোৰ চলচ্চিত্ৰ-ভাষাৰ দিশৰ পৰা বৰ ওখ খাপৰ নাছিল যদিও ছবিবোৰে দর্শকৰ ৰুচিবোধৰ প্ৰতি সন্মান প্ৰদর্শন কৰি নিটোল গ্ৰহণযোগ্য কাহিনী একোটাৰ মাজতে নিজকে আবদ্ধ কৰি ৰাখিছিল।
Log in to join the discussion.