Posted by bulmoni • 1 day ago
"বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে।"
Discussions (1)
bulmoni
·
1 day ago
"বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে।" উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি "অংকুৰণ" (অষ্টম ভাগ)ৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈৰ ৰণত একেদিনে দহ হাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাৱে আৰু তেনে দহ হাজাৰজন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেউলৈ জনাবলৈ বিচাৰিলে। কিন্তু সু-বিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে, বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধহে হৈছে গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সু-বিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষীপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব।
বা
আলাবৈৰ ৰণত একেদিনে দহ হাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে গভীৰ দুঃখ পাই স্বৰ্গদেউলৈ বতৰা পঠাব বিচাৰিলে। তেওঁ নিজৰ সৈন্যক অত্যন্ত মূল্যবান বুলি গণ্য কৰিছিল। কিন্তু সু-বিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে কৈছিল, যুদ্ধত কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। বাৰীৰ পুখুৰী সিঁচোঁতে শিঙিয়ে লোক বিন্ধাৰ দৰে, যুদ্ধতো তেনে হব পাৰে। সঠিক পৰিকল্পনা আৰু ক্ষীপ্ৰ পদক্ষেপই শৰাইঘাটৰ বিজয় নিশ্চিত কৰিছিল আৰু আগলৈও ই আৱশ্যক।
Log in
to join the discussion.