Posted by bulmoni • 2 days ago

বৈজ্ঞানিক মানসিকতা মানে কি ? বুজাই লিখা।

Discussions (1)
bulmoni · 2 days ago
সাধাৰণতে বৈজ্ঞানিক মানসিকতা মানে বিজ্ঞানসন্মত ভাৱে কোনো বস্তু বা ঘটনা চালি-জাৰি চোৱা মানসিক শক্তিকেই বুজা যায়।বৰ্তমান যুগটো বিজ্ঞানৰ যুগ বুলি কোৱা হয়। বিজ্ঞানৰ আৱিষ্কাৰবোৰৰ কাৰণে মানুহৰ জীৱন ধাৰণৰ মান সম্প্ৰতি যথেষ্ট উন্নতি হৈছে।বৈজ্ঞানিক মানসিকতা গঢ় ল'বৰ বাবে মানুহজন কোনো বিশেষ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই।এজন নিৰক্ষৰ মানুহৰো বৈজ্ঞানিক দৃষ্টিভঙ্গী থাকিব পাৰে। আনহাতে শিক্ষিত লোক এজনো পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হ’ব পাৰে। সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক যুক্তি বা চিন্তাৰ বীজ ৰোপণ কৰাটো অতি প্ৰয়োজন।
Log in to join the discussion.