Posted by bulmoni • 2 days ago

বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।

Discussions (1)
bulmoni · 2 days ago
বৈজ্ঞানিক মানসিকতাৰ অভাৱত এতিয়াও আমাৰ সমাজত বহুতো অন্ধবিশ্বাস বৰ্তি আছে।তাৰে তিনিটা হৈছে-
(।) বৰ আই,সৰু আই আদি আই বা বসন্ত ৰোগ আদি শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰে। তেনে দেৱ দেৱী, ভূত-প্ৰেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা, নাম-সবাহ আদি কৰে। কিন্তু ইয়াৰ প্ৰকৃত কাৰণ বেলেগ।(।।) কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে ।আন দুই এজন মানুহে ভূত ভৱিষ্যতৰ কথা ক'ব পৰা, প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। কিন্তু এই দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হৈছে।
(।।।) বৈজ্ঞানিক মানসিকতাৰ অভাৱত দূষিত খোৱাপানীৰ গ্ৰহণ কৰাৰ বাবে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানাবিধ ৰোগ হ’ব পাৰে। এইবোৰ ৰোগৰ নির্দিষ্ট কাৰণ আছে আৰু ইয়াৰ প্রতিষেধক ,চিকিৎসাৰো বৈজ্ঞানিক উপায় আছে।
Log in to join the discussion.