Posted by bulmoni • 7 days ago

ভাব সম্প্ৰসাৰণ কৰা : ক) আইৰো বাৰ্তা গংগাৰো যাত্ৰা।

Discussions (1)
bulmoni · 7 days ago
ই অসমীয়া ভাষাত সচৰাচৰ ব্যৱহৃত এটি প্ৰবচন।
উক্ত প্ৰবচন ফাঁকিয়ে মানুহে এটা কাম কৰিবলৈ গৈ লগতে আনুসাংগিক আন এটা কামো সমাধান কৰা কথাকে বুজায়। সাধাৰণ দূৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি মাকলৈকো পুত্ৰৰ সমানে মৰম থাকে। যদি মাক থকা গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয় মাকৰ ওচৰলৈ অহাৰ সুযোগতে গংগাতো স্নান কৰি পৰম পূণ্য লাভ কৰিব পাৰে। অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামো সমাধান কৰা হ'ল । ঠিক তেনেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয়। তেতিয়াই কোৱা হয় আইৰো বাৰ্তা গংগাৰো যাত্ৰা।
Log in to join the discussion.