Posted by bulmoni • 7 days ago

ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা - কবিতাটোৰ সহায়ত বুজাই লিখা।

Discussions (1)
bulmoni · 7 days ago
গীত বা সংগীত আৰু ছবি বা চিত্ৰ - এই দুয়োবিধেই চৌষষ্ঠীকলাৰ অন্তৰ্গত। এই কলাৰ জৰিয়তে মানৱ মনে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হ'বলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন। কেৱল শব্দৰ বিন্যাসেই গীত হব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰ হলেই তাক উৎকৃষ্ট ছবিৰ মৰ্যদা দিব নোৱাৰি। যিবোৰ সুৰীয়া শব্দই সৰ্বসাধাৰণ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় তাকেই গীত বুলি কোৱা হয়। আনহাতে, যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগায়, যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায় তাকে মহ্য চিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে।
Log in to join the discussion.