Posted by bulmoni • 7 days ago
"ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ"। - - - কথাষাৰ বহলাই লিখা।
Discussions (1)
bulmoni
·
7 days ago
গোটেই পৃথিৱী যেতিয়া অজ্ঞান আন্ধাৰত ডুব গৈ আাছিল তেতিয়া ভাৰতবৰ্ষ এখন ঐতিহ্যপূৰ্ণ সভ্য দেশ আাছিল। তেতিয়াই ভাৰতবৰ্ষই দৰ্শন, বিজ্ঞান , সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। অতীতৰে পৰা ভাৰতবৰ্ষ ঋষিমুনিৰ দেশ, তপস্বী-সাধকৰ দেশ। এই দেশতেই ব্যাস, বাল্মীকি, বশিষ্ঠ, বিশ্বামিত্ৰ, আদি ত্ৰিকালজ্ঞ ঋষিসকলৰ জন্ম হৈছিল। এই দেশতেই বুদ্ধ, মহাবীৰ, কবীৰ, নানক, ৰামানন্দ, ৰামানুজ, শংকৰাচাৰ্য আৰু আন আন মহাপুৰুষ সকলো ত্যাগৰ মন্ত্ৰ, উদাৰতাৰ বাণী আৰু আধ্যাত্মিকতাৰ আদৰ্শ প্ৰচাৰ কৰি গৈছে। পৌৰাণিক গ্ৰন্থ সমূহৰ মাজত প্ৰকাশ পোৱা ভাৱ চিন্তাধাৰাৰ ঐক্যই ইয়াৰ বাসিন্দা সকলৰ মাজতো মিলনৰ সেতু গঢ়ি দিছে।
Log in
to join the discussion.