Posted by bulmoni • 7 days ago

"ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।" - তাৎপৰ্য ব্যাখ্যা কৰা।

Discussions (1)
bulmoni · 7 days ago
বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষক যিটো উপাদানে আটাইতকৈ সমৃদ্ধ কৰি তুলিছে সিয়েই হৈছে ভাৰতীয় সংস্কৃতি। যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতলৈ আহিছিল। কিন্তু কোনোয়ে কেৱল নিজৰ টোকে ধৰি ৰাখিব পৰা নাই। ভাষা, ধৰ্ম বা অঞ্চল বিষেশ পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকৰ মাজৰ এটি সামূহিক মিল আছে। সেয়া হ'ল সংস্কৃতিৰ মিল। এই মিলৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান, মক্কাত বা জেৰুচামেলত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব ভাৰতীয়ে । কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যামান। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গৈ সমন্বয় সাধন হৈছ। সেয়ে " ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু বুলি" কোৱা হৈছে।
Log in to join the discussion.