Posted by bulmoni • 2 days ago
'ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ'-কথাষাৰ বহলাই লিখা।
Discussions (1)
bulmoni
·
2 days ago
বেদ হৈছে হিন্দুধৰ্মৰ এক পুৰণি ধৰ্ম গ্ৰন্থ। 'বেদ' শব্দৰ অৰ্থ হৈছে জ্ঞান। ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহৰ কোনো ৰচক নাই।পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল। এই চাৰিখন বেদৰ নাম হৈছে ঋক্ বেদ, যজুঃবেদ, সামবেদ আৰু অথৰ্ববেদ। এই বেদবোৰ অকল ধর্ম গ্ৰন্থয়েই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা। বেদৰ অন্তিম অংশ বেদান্তত বা উপনিষদত কৰ্ম কৰা কৌশলৰ উল্লেখ আছে। ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশলে জীৱন বাটৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ শিক্ষা দিয়ে। ঋক্ বেদৰ মন্ত্ৰবিলাকত তথা ঋষিসকলৰ প্রার্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্রবল ধাউতিৰ পৰিচয় পোৱা যায়।বিভিন্ন ভাৰতীয় দর্শনত হিন্দু চিন্তাধাৰাৰ যি চৰম পৰিণতি লক্ষ্য কৰা যায়, তাৰ মূলেই হৈছে বেদ। বেদৰ মাজতেই প্রাচীন ভাৰতৰ ধর্ম, দর্শন, সমাজ সকলোবোৰ প্রতিফলিত হৈছে বুলি ক’ব পাৰি। এনেদৰে বেদৰ কৰ্ম সংস্কৃতিয়ে যুগে যুগে ভাৰতীয় সভ্যতা সংস্কৃতি গঢ় লৈ উঠাত সহায় কৰিছে। সেয়ে বেদক ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বুলি কোৱা হৈছে।
Log in
to join the discussion.