Posted by bulmoni • 2 days ago

ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা।

Discussions (1)
bulmoni · 2 days ago
ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভৱেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।
১৯৭৭ চনত মুক্তি লাভ কৰা তেওঁৰ 'সন্ধ্যাৰাগ' ছবিখনে লাভ কৰা ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোৰ দেহত নতুন তেজৰ সঞ্চাৰ কৰে। তেওঁ একাদিক্ৰমে 'অনির্বাণ', 'অগ্নিস্নান', 'কোলাহল', 'সাৰথি', 'আবর্তন', 'ইতিহাস' আদি অসমীয়া ছবি নির্মাণ কৰে। হিন্দীভাষাত তেওঁ ‘কালসন্ধ্যা’ পৰিচালনা কৰে। আন এগৰাকী বিখ্যাত অসমীয়া চলচ্চিত্ৰ পৰিচালক হৈছে জাহ্নু বৰুৱা।তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেইবাখনো বোলছবি পৰিচালনা কৰিছে। 'অপৰূপা'ৰে(১৯৮২) তেওঁ পৰিচালনা যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নির্মাণ কৰে। তাৰে কেইখনমান হ'ল -'পাপৰি'(১৯৮৬),'হালধীয়া চৰায়ে বাওধান খায়' (১৯৮৭),'বনানি'(১৯৯০), 'ফিৰিঙতি' (১৯৯২), 'কুশল' ইত্যাদি। তেওঁৰ ছবিয়ে দেশৰ ভিতৰে বাহিৰে বহুতো সন্মান লাভ কৰিছে। তেওঁৰ 'সাগৰলৈ বহু দূৰ' ছবিখনৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। গতিকে দেখা যায় যে ভৱেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ এক অভূতপূর্ব বৰঙণি আগবঢ়াই আহিছে।
Log in to join the discussion.