Posted by bulmoni • 7 days ago
বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?
Discussions (1)
bulmoni
·
7 days ago
কথাতে আছে যে - 'ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোঁৱাৰি।' তিতা মাতৰ মানুহে জনি কাৰো অহিত নকৰিলেও, কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ্যগুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে এক তিলে পাহৰে, অৰ্বুদ দানৰ ফল নিমিষতে লয় হয়। আনহাতে, “বিনয় পৰম ভূষণ।" সি কৰিব নোৱাৰা একো নাই। বিনয়ক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে। নম্ৰৰভাৱে আৰু যুক্তিৰে ক'ব জানিলে দুখৰ কথা ক'লেও মানুহ অসন্তুষ্ট নহয়। সেয়েহে জ্ঞানী সকলে বিনয়ভাৱত দান কৰিব লাগে বুলি কৈছে; অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো মহত্ব নাথাকিব।
Log in
to join the discussion.