Posted by hirak • 7 days ago

বৰগীতটিৰ মূলভাৱ লিখা।

Discussions (1)
hirak · 7 days ago
হৰিৰ মহিমা অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে হৰি চৰণত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰে। ভকতৰ বাবে হৰিৰ চৰণযুগল হল পৰমধন আৰু ভকতৰ বাবে হৰি হ'ল জীৱনস্বৰূপ। হৰিৰ মহিমাৰ কথা বাদদি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। হৰিৰ আগত অজস্ব ধন সোণ তেওঁলোকৰ বাবে মূল্যহীন। হৰিক লাভ কৰিব বাবে ভকতে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে প্ৰাৰ্থনা কৰে। যাতে হৰিৰ চৰণযুগলত আশ্ৰয় লব পাৰে। আৰু জীৱনৰ শেষ সময়খিনি তেওঁৰ চৰণতে সমাপ্ত কৰিব বিচাৰে। সেইবাবে তেওঁলোকে কাতৰ ভাৱে হৰিক প্ৰাৰ্থনা কৰে যাতে হৰিয়ে জীৱনে মৰণে তেওঁলোকৰ লগ নেৰে।
Log in to join the discussion.