Posted by bulmoni • 7 days ago
ব্যাখ্যা কৰা ঃ ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।
Discussions (1)
bulmoni
·
7 days ago
'অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা'- উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত 'অন্ধবিশ্বাস আৰু কুসংস্কাৰ' নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে। লিখক জয়ন্ত মাধৱ বৰা। দূষিত বায়ু, অবাঞ্চিত বিশৃংখল শব্দ, মাটি, পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰেও প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্য সমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন- ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰাবাতৰিৰ অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে।মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেই অৰ্থত অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।
Log in
to join the discussion.