Posted by bulmoni • 7 days ago

ব্যাখ্যা কৰা : ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।

Discussions (1)
bulmoni · 7 days ago
“বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে,
তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।” উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ড° ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত "প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰাৰ কথা কৈছে। কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানৱতাৰ জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেয়েহে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী আৰু উদাত্ত কন্ঠটি বিচাৰিছে। যাতে তেওঁ সেই শক্তিশালী উদাত্ত কন্ঠৰে মানৱতাৰ জয় গান গাব পাৰে।
Log in to join the discussion.