Posted by bulmoni • 7 days ago
ব্যাখ্যা কৰা । ক) নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে ।
Discussions (1)
bulmoni
·
7 days ago
বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড॰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত ‘যুঁজ’ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
মাক – দেউতাকৰ কাজিয়া আৰু শেষত বিচ্ছেদ । এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থই যেন নিঃসংগ আৰু অকলশৰীয়া হৈ পৰিল । তাৰ মনোজগতৰ খবৰ ৰাখোতা, তাক এশাৰী মৰমৰ মাত দিওঁতা, তাৰ ভুলবোৰ আঙুলিয়াই দিওঁতা কোনো নোহোৱা হ’ল। ফলস্বৰূপে সিদ্ধাৰ্থই আশ্ৰয় ল’লে ড্ৰাগছৰ । ড্ৰাগছ কিনিবলৈ পইচাৰ যোগাৰ কৰিবলৈ মাকৰ সোণৰ খাৰু চুৰ কৰাৰ পৰা স্কুলৰ লগৰ ল’ৰাৰ বেগতো হাত দিলে । স্কুলত পইচা চোৰ বুলি ধৰা পৰাৰ পিছত বন্ধু নিৰ্মলে তাক সৎ পথলৈ উভতি অনাৰ চেষ্টা কৰে আৰু সিদ্ধাৰ্থক তাৰ কি হৈছে ক'বলৈ জোৰ কৰে । নিৰ্মলৰ আন্তৰিকতাপূৰ্ণ মৰমৰ দাবীত সিদ্ধাৰ্থৰ মনত পৰিৱৰ্তনৰ লহৰ উঠে । এনেদৰে মৰমৰ দাবী কৰিব পৰা মানুহবোৰেই সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহুদূৰলৈ গুচি গ’ল । নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে । কাৰ ওপৰত এই অভিমান, সিদ্ধাৰ্থই যেন নিজেও বুজি নাপায়।
Log in
to join the discussion.