Posted by hirak • 7 days ago
ব্য়াখ্য়া কৰাঃ “ভাৰাঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহলাত! ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত।"
Discussions (1)
hirak
·
7 days ago
প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে বৰ্তমান সময়ত মানুহে বাস কৰা ঘৰবোৰ ডাঙৰ হৈ পৰিলেও মানুহৰ মনবোৰ যেন দিনে দিনে ঠেক হৈ পৰিছে আৰু মানৱীয় গুণ তথা শান্তিবোৰ যে নাইকিয়া হৈ গৈছে তাকে কৈছে।
ব্য়াখ্য়াঃ সময় পৰিৱৰ্তনৰ লগে লগে প্ৰাকৃতিক, সামাজিক, পৰিৱেশ আদিও সলনি হয়। কবিয়ে ভাৰাঘৰ বিচাৰি যোৱা মানুহ বুলি ভাবি সাতমহলীয়া ঘৰটোত থকা বৃদ্ধ মানুহজনে সুধিছিল। লগতে মানুহজনে কবিক কৈছিল যে কুবেৰৰ মহলাত ভাৰাঘৰ পোৱাৰ সম্ভাৱনা কম আৰু যদিও পাই তাত শান্তিত থাকিব নোৱাৰিব। কবিক মানুহজনে ভাৰাঘৰ নাই বুলি কৈছে আৰু তাত থকা মানুহবোৰৰ মনৰ কথাও কৈছে। ঘৰবোৰ যিমান ডাঙৰ বা বিশাল হ'লেও তাত থকা মানুহবোৰৰ মনবোৰ ঠেক বুলি কৈছিল। যিদৰে কৃপনৰ ধন কোনো কামত নাহে, একেদৰে নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো একো মূল্য নাই বুলি কৈছে। সাতমহলীয়া ঘৰটোত বাস কৰা লোকসকলে কেৱল ধন-সোণ উপাৰ্জন কৰি যখৰ দৰে ৰাখিবহে জানে। কাৰোবাৰ বিপদত সহায় কৰিবলৈ বা কোনোবা মৰিলে দাহ কৰিবলৈ এটকা দিবলৈ তেওঁলোক নাহে। গতিকে যি সমাজত স্বাৰ্থপৰ মানুহে বাস কৰে আৰু যি নিজেই প্ৰকৃত সুখৰ পৰা বঞ্চিত, তেনে স্থানৰ মানুহে শান্তিত থাকিব নোৱাৰিব বুলি তেওঁ ক'ব বিচাৰিছিল।
Log in
to join the discussion.