Posted by bulmoni • 7 days ago

ব্যাখ্যা কৰাঃ ক) অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, লোকৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই,

Discussions (1)
bulmoni · 7 days ago
উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য চয়নিকা' (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'সুখ' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে । মানুহে সুখ কেনেদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কথাফাঁকিৰ ব্যৱহাৰ কৰা হৈছে ।। কবিয়ে 'সুখ ' নামৰ কবিতাটোত ব্যক্ত কৰিছে যে মানুহে কেৱল নিজৰ কথাকেই চিন্তা কৰিব নালাগে। আমাৰ এই বহুমূলীয়া জীৱন কেৱল নিজৰ বাবেই নহয় তাৰ পৰিৱৰ্তে লোকৰ কামত লগাব পাৰিলেহে মানৱ জীৱন সাৰ্থক হ'ব। সেয়েহে মানুহে যিমানেই আনৰ বাবে চিন্তা কৰিব পাৰে বা আনৰ হিতসাধন কৰিব পাৰে সিমানেই সংসাৰখন তেওঁৰ বাবে সুখময় হৈ পৰে।
Log in to join the discussion.