Posted by bulmoni • 7 days ago

ব্যাখ্য়া কৰাঃ (ক) যাক যোগী নপাৱে ধ্যানত। হেন হৰি পলান্ত ভয়ত।।

Discussions (1)
bulmoni · 7 days ago
"যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।"
------উক্ত পদফাঁকি আমাৰ পাঠ্যপুঠিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'শিশুলীলা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান। ত্ৰি জগতৰ সৃষ্টিকৰ্তা। তেওঁক মহা মহা যোগী সকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশুকৃষ্ণই পলাই ফুৰিব লগিয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্তপদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে।
Log in to join the discussion.