Posted by bulmoni • 7 days ago

ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?

Discussions (1)
bulmoni · 7 days ago
সংসাৰত সমাজ পাতি সুখে- সন্তোষে চলাত মানুহৰ আচাৰ- ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইজনে আনজনক কৰা ব্যৱহাৰেই হ'ল সুখ- শান্তিৰ মূল চাবিকাঠি। “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়" বোলা আপ্তবাক্য শাৰি ষোল্ল অনাই সচাঁ। ব্যৱহাৰৰ বাবেই একোজন মানুহ সকলোৰে প্ৰিয়পাত্ৰ নাইবা গৰিহণাৰ ভাজন হয়। কাক, ক'ত, কেনেদৰে, কি ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ ফলত বহুত সৎ চৰিত্ৰৰ লোকেও নানান আহুকালত পৰিব লগীয়া হয়। আনহাতে ব্যৱহাৰৰ গুণত অনেক ছলাহী মানুহেও সকোলোৰে মৰম বুটলিবলৈ সক্ষম হয়। আমাৰ সমাজত এফাঁকি প্ৰচলিত প্ৰবচন আছে যে - 'কথাত কটা যায়, কথাত বঁটা পায়'- সেয়েহে আচাৰ- ব্যৱহাৰক সাধাৰণ কথা বুলি নাভাবি আমি মন দি শিকা উচিত।
Log in to join the discussion.