Posted by bulmoni • 2 days ago
চাৰি আশ্ৰম বুলিলে কি বুজা?
Discussions (1)
bulmoni
·
2 days ago
ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হয়। এই চাৰি আশ্ৰম হৈছে- ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস। ব্ৰহ্মচৰ্য সময়ছোৱা হৈছে জ্ঞান আহৰণৰ সময়, য'ত গুৰুয়ে শিষ্য সকলক বেদৰ মন্ত্ৰ, প্ৰাৰ্থনা, উপনিষদৰ আধ্যাত্মিক স্তৰ সমূহ, কৰ্ম কৰাৰ কৌশল আদিৰ উপদেশ প্ৰদান কৰে। গাৰ্হস্থই গৃহস্থী জীৱনৰ কৰ্তব্য সমূহৰ কথা ব্যক্ত কৰে। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। এইয়াই হৈছে চাৰি আশ্ৰমৰ মূল।
Log in
to join the discussion.