Posted by bulmoni • 2 days ago
চিঠি’ গল্পটিৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা।
Discussions (1)
bulmoni
·
2 days ago
সাধাৰণতে গল্পৰ নামাকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে।যেনে- বিষয়বস্তুৰ ইংগিত ,মূল চৰিত্ৰৰ পৰিচয়,কেন্দ্ৰীয় ভাৱ ইত্যাদি।শীলভদ্ৰৰ 'চিঠি' গল্পটোৰ নামাকৰণৰ সার্থকতাও এইকেইটা দিশত দেখা যায়।
গল্পটিৰ বিষয়বস্তুও চিঠিক লৈয়ে গঢ় লৈছে।গল্পটিৰ প্রধান চৰিত্র দুটি ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মাৰ চিঠিক লৈয়ে কাহিনীটো গতি কৰিছে।ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ চিঠি পঠাইছে আৰু সেই চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰিছে।গল্পটিত প্রখ্যাত সাহিত্যিক ৰবীন্দ্রনাথে লিখা চিঠিৰ প্ৰসংগও আছে। সেই চিঠিৰ কিমান মূল্য সেই কথাও উল্লেখ কৰিছে।ভূদেৱ শৰ্মাই ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোতে পত্নীৰ চিঠিৰ বাবে অধীৰভাবে অপেক্ষা কৰাৰ কথাও গল্পটিত বর্ণিত হৈছে। আনহাতে ভূদেৱ চৌধুৰীয়ে বন্ধু প্রশান্ত শর্মালৈ প্ৰেৰণ কৰা চিঠিখন কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা অৱস্থাত প্রশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভুদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকেই কৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটিৰ আৰম্ভণিৰ পৰা অন্তলৈ চিঠিক কেন্দ্ৰ কৰিয়েই বিষয়বস্তু গঢ় তথা গতি লৈছে।সেয়ে 'চিঠি' গল্পটোৰ নামাকৰণ সার্থক হৈছে বুলি ক'ব পাৰি।
Log in
to join the discussion.