Posted by bulmoni • 7 days ago
চমু টোকা লিখা : নিচুকনী গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্ৰুতি, জিকিৰ, দেহবিচাৰৰ গীত, হুঁচৰি গীত ।
Discussions (1)
bulmoni
·
7 days ago
নিচুকনী গীত: নিচুকনী গীতসমূহ অসমীয়া লোক-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ । অতীজৰে পৰা এই গীতসমূহে অসমৰ জন-জীৱনত এক প্ৰভাৱ পেলাই আহিছে । সাধাৰণতে কেঁচুৱাক নিচুকাবলৈ বা টোপনি নিয়াবলৈ এই গীতসমূহৰ ব্যৱহাৰ কৰা হৈছিল বাবে ইয়াক নিচুকনী গীত বোলা হয় । অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত কেইটামান নিচুকনী গীত হ'ল 'শিয়ালী এ নাহিবি ৰাতি' , ' আমাৰে মইনা শুব এ ' আদি ।
মালিতা বা কাহিনী গীত : ইও অসমীয়া লোক-সংস্কৃতিৰ আন এক অবিচ্ছেদ্য অংগ। মালিতা বা কাহিনী গীত সমূহৰ মাজেদি যিকোনো এটা কাহিনী বা কথাৰ অৱতাৰণা কৰা হয় আৰু সুৰ লগাই পদ্য হিচাপেই সেই কাহিনীৰ শেষ কৰা হয়। শুনিবলৈ ৰস লগা আৰু শুৱলা হোৱাৰ বাবে মালিতা বা কাহিনী গীতসমূহ আমাৰ আদৰৰ আপুৰুগীয়া সম্পদ হৈ আছে । যেনে : হা- অ - হা -অ -হা - এ- হা- হা হা- ইয়হ নমো নাৰায়ণ
সাঁথৰ: মূলতঃ মানুহৰ মুখে মুখে চলি অহা প্ৰবাদ সমূহকেই সাঁথৰ বোলা হয়। ই কেৱল অসমীয়া লোক- সংস্কৃতিৰ একক বৈশিষ্ট্য, আন কোনো সংস্কৃতিত ইয়াৰ ব্যৱহাৰ পাবলৈ নাই। ধেমালি আৰু ৰসৰ চলেৰে বুদ্ধিমত্তা পৰীক্ষা কৰা আৰু বৃদ্ধি কৰাৰ কৌশল হিচাপে এই সাঁথৰ সমূহ অসম বিখ্যাত । উদাহৰণ - একডাল খেৰে ঘৰটো বেৰে উত্তৰ: চাকি সাঁথৰ- ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ উত্তৰ- আঁঠুৱা
জনশ্ৰুতি: মানুহৰ মুখে মুখে যুগৰ পিছত যুগ ধৰি প্ৰচলিত হৈ অহা শ্লোক বা প্ৰবাদ সমূহক জনশ্ৰুতি বোলা হয় । ই গদ্যধৰ্মী লোককথাৰ অন্তৰ্গত ।
জিকিৰ: জিকিৰ সমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ । আজান পীৰে ৰচনা কৰা গীতসমূহক জিকিৰ বোলা হয় । ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য এই গীতসমূহ ৰচনা কৰা হৈছিল । এই গীতসমূহত সম্প্ৰীতিৰ নিদৰ্শন পোৱা যায় । যেনে: মোৰ মনত ভেদ ভাব নাই ও আল্লা মোৰ মনত হীন পৰ নাই ও আল্লা হিন্দু কি মুছলমান একে আল্লাৰ সন্তান মোৰ মনত একেটি ভাই দেহবিচাৰৰ গীত :
হুঁচৰি গীত: হুঁচৰি গীত অসমীয়াৰ অন্যতম আপুৰুগীয়া সম্পদ যাৰ লগত জড়িত হৈ আছে অসম তথা অসমীয়াৰ আৱেগ আৰু সন্মান । হুঁচৰি বিশেষকৈ ব'হাগ বিহুৰ লগত জড়িত । আঁহতৰ তলত বা পথাৰৰ মাজত নৃত্য কৰোঁতে ডেকা-গাভৰু সকলে হুঁচৰি গীতৰ তালত কঁকাল ভাঙে। হুঁচৰি পৰিৱেশন কৰাৰ কেতবোৰ নিয়ম-নীতি থাকে ।
উদাহৰণ: দেউতাৰ বৰে ঘৰ । দেখোতে ভয়ংকৰ । শৰণ- খেৰ মেলিয়ে চায়; মুগাৰে বটীয়া । ন-শ গাঁথনি, সৰিয়হ বাগৰি যায় ।
Log in
to join the discussion.