Posted by bulmoni • 2 days ago

চমুটোকা লিখা । দিবাস্বপ্ন, বীৰপূজা, অপৰাধপ্ৰৱণ কিশোৰ

Discussions (1)
bulmoni · 2 days ago
দিবাস্বপ্নঃ দিবাস্বপ্ন হল অলীক কল্পনা। ই কৈশোৰ কালৰ সমস্যা। কল্পনা শক্তিৰ অভূতপূর্ব বিকাশে কিশোৰ কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহুক্ষেত্ৰত বাস্তৱৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোকে বিচৰণ কৰে। অৱশ্যে দিবাস্বপ্নই কিশোৰৰ সৃজনী শক্তিত যোগাত্মক প্রভাৱো পেলাব পাৰে। আনহাতে এনেবোৰ কল্পনাই সৃষ্টিশীল কাম-কাজত অংশ গ্ৰহণ কৰাতো প্ৰেৰণা দিয়ে। বহুতে দুঃসাহসিক কামত অংশগ্রহণ কৰে। বহুতৰ মাত ভ্রমণতৃষ্ণা জাগে, দেশ-বিদেশ ফুৰাৰ ইচ্ছা হয় আৰু অজানিতে ক’ৰবালৈ গুচিও যায়। মুঠতে দিবাস্বপ্ন হ’ল কৈশোৰ কালৰ অন্তহীন কল্পনা।
বীৰপূজাঃ বীৰপূজাৰ প্রবৃত্তি কৈশোৰৰ আন এক বৈশিষ্ট। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনাদর্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়তে প্রৱল হৈ পৰে। তেনে ব্যক্তিৰ সকলো গুণ মানুহে নীৰৱে অনুকৰণ কৰিবলৈ লয়। সাধাৰণতে এই ক্ষেত্ৰত ছবি জগতৰ, খেল জগতৰ, সংগীত জগতৰ ব্যক্তিসকলকে কিশোৰে আদর্শ হিচাপে গ্ৰহণ কৰে। বীৰপূজাৰ এই প্রবৃত্তিক সঠিক পথেৰে লৈ কৈশোৰ কালৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী পাঠ অন্তর্ভুক্ত হয়।
অপৰাধপ্ৰৱণ কিশোৰঃ কৈশোৰৰ আবেগিক অনুভূতি অন্তহীন। এনে অত্যাধিক আৱেগৰ ফলতে কিশোৰৰ মন কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী হৈ পৰে। আশা নিৰাশাৰ দোমোজাই বহুতকে সামাজিকভাৱে মিলিব নোৱাৰা সমস্যাত পেলায়। এনেকুৱা অৱস্থাত মনক সুস্থভাৱে পৰিচালনা কৰিব নোৱাৰি কিশোৰে সমাজৰ প্ৰতি নেতিবাচক মনোভাব গ্রহণ কৰে আৰু এক সময়ত অপৰাধপ্রবণ হৈ উঠে। এনে অপৰাধপ্রৱণ কিশোৰক যথেষ্ট আৰু মৰমৰে সহযোগিতা কৰিব লাগে। তেওঁৰ প্ৰতি অমনোযোগিতাই তেওঁৰ এনে প্রৱণতা আৰু বঢ়াইহে তুলিব পাৰে।
Log in to join the discussion.