Posted by bulmoni • 1 day ago
চমুটোকা লিখা। (ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ (খ) লাচিত বৰফুকন (গ) ৰামসিংহ
Discussions (1)
bulmoni
·
1 day ago
(ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহঃ- জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহ নাম লৈ ১৬৬৩ চনত সিংহাসনত উঠে। চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোম মোগলৰ কৰতীয়া হৈ পৰিছিল। কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনক আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও ১৬৬৯ চনত আলাবৈ ৰণত মোগলৰ হাতত ১০০০০ আহোম সৈন্য নিহত হয়। এই কথাত শোকাভিভূত হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।
বা
স্বৰ্গদেউ চক্ৰধ্বজ সিংহ ১৬৬৩ চনত আহোম সিংহাসনত অধিষ্ঠিত হয়। তেওঁ দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া আছিল। জয়ধ্বজ সিংহৰ সময়ত আহোম ৰাজ্য মোগলৰ কৰতীয়া হৈছিল, কিন্তু চক্ৰধ্বজ সিংহে লাচিত বৰফুকনক সেনাপতি হিচাপে নিযুক্তি দিয়ে আৰু মোগলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। লাচিতৰ নেতৃত্বত আহোমসকলে জয়দুৱাৰ, ইটাখুলি, পাণ্ডু আৰু উত্তৰ গুৱাহাটী দখল কৰে। কিন্তু ১৬৬৯ চনৰ আলাবৈ ৰণত ১০,০০০ আহোম সৈন্য নিহত হোৱাত চক্ৰধ্বজ সিংহ শোকাক্ৰান্ত হয় আৰু কিছুদিনৰ ভিতৰত মৃত্যু হয়।
(খ) লাচিত বৰফুকনঃ- লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুঁজি লাচিতে মোগলক হেৰুৱাই আহোমসকলক বিজয়ী কৰিছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজ মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে 'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি মোমায়েকক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে।
বা
লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতৃ আছিল মোমাই তামুলী বৰবৰুৱা। লাচিতৰ নেতৃত্বত আহোম-মোগলৰ মাজত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল, য’ত তেওঁ অসীম বীৰত্বেৰে মোগলক পৰাস্ত কৰে।
দেশপ্ৰেমৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞ লাচিতে, আমিনগাঁৱত গড় নিৰ্মাণৰ দায়িত্ব নিজ মোমায়েকক দিয়াৰ পিছতো গাফিলতি দেখা যাওঁতে "দেশতকৈ মোমাই ডাঙৰ নহয়" বুলি তেওঁক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পারে থকা মোমাই কটা গড় লাচিতৰ দেশপ্ৰেম আৰু ত্যাগৰ প্ৰমাণ হিচাপে আজিও অৱস্থিত।
(গ) ৰামসিংহঃ- ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ১৬৬৭ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক বহুত সৈন্য-সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। ১৬৭০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল।
Log in
to join the discussion.