'ডাইনী', `সোপাধৰা' - এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহুলোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা?
Discussions (1)
bulmoni·7 days ago
'ডাইনী', 'সোপাধৰা' - এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছুলোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহুলোকে বিশ্বাস কৰিও লয় - ইয়াৰ কাৰণ হ'ল -
কিছু অসৎ প্ৰবৃত্তিৰ লোকৰ ন্যস্তস্বাৰ্থ সিদ্ধি কৰা। তেওঁলোকে ইমাণ চতুৰালিৰে অন্ধবিশ্বাসবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও সেইবোৰ বিশ্বাস কৰি লয়। তাৰ দ্বাৰা সেই অসৎ প্ৰবৃত্তিৰ লোকজনৰ কিবা এটা স্বাৰ্থ সিদ্ধি হয়। কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সমাজক ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰি তুলিবলৈও উৰাবাতৰি প্ৰচাৰ কৰে।