Posted by bulmoni • 1 day ago
"এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব।"
Discussions (1)
bulmoni
·
1 day ago
হ’ব।"
উত্তৰঃ- উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি "অংকুৰণ" (অষ্টম ভাগ)ৰ "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লেখক হ'ল "সূৰ্য কুমাৰ ভূঞা"।
বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকপ, ওচৰ চুবুৰীয়া, জাতিবৃন্দৰ লগত লেন-দেন, বিশ্ব জগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু-প্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেম আমাক প্ৰতি মুহূৰ্ততে আৱশ্যক।
বা
অসমে চিৰদিনে বানপানী, খৰাং, ভূঁইকপ, ৰোগ-মৰক, শাসন-শৃংখলা, শিক্ষাৰ সমস্যা, আন্তঃৰাষ্ট্ৰীয় যোগাযোগ আৰু মানুহৰ কু-প্ৰবৃত্তি দমন আদি নানা সংকটৰ সম্মুখীন হৈ আহিছে আৰু আগলৈও হ’ব। এটা সমস্যা সমাধান হ’লেও নতুন সমস্যা মূৰ তোলাটো অসমৰ জাতীয় জীৱনৰ বাস্তৱ সত্য। এই সমস্যাবোৰ যদি সঠিকভাৱে সমাধান নহয়, তেন্তে অসমৰ অস্তিত্ব সংকটত পৰিব। লাচিত বৰফুকন আৰু তেওঁৰ সাহসী সেনানীৰ দৰে দেশপ্ৰেম, একাগ্ৰতা আৰু দৃঢ় মনোবলৰে এই সমস্যাসমূহৰ সমাধান কৰাটো আজিও সমানভাৱে প্রয়োজনীয়।
Log in
to join the discussion.