Posted by bulmoni • 2 days ago

(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে আঘোণৰ কুঁৱলীতে সেউতী হেৰালে ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল.....

Discussions (1)
bulmoni · 2 days ago
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ পৰা তুলি ধৰা হৈছে ।
কবিতাফাঁকিৰ মাজেৰে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে কৰা আমনি আৰু অসুবিধাসমূহ ব্যক্ত কৰিছে । আঘোণৰ পথাৰত সোণবৰণীয়া ধাননীয়ে সৃষ্টি কৰে মনোমোহা পৰিৱেশ।সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে । দাৱনীবোৰৰ মাজত কবিৰ কল্পনাৰ ‘সেউতীজনী’ৰ বিষয়ে উল্লেখ কৰিছে । তেওঁৰ সেউতীয়ে এমোকোৰা তামোল খাই ধান দাই থকাৰ ছবি উত্থাপন কৰিছে । তেওঁৰ কল্পনাৰ সোতৰ বছৰীয়া দাৱনীগৰাকী তামোলৰ পিকৰ সৈতে থকা ৰঙা ওঠ, ডালিম গুটিয়া দাতৰ হাঁহিটিয়ে ধান কাটি থকাৰ দৃশ্যটো অংকণ কৰিছে।কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত তেওঁ কাকো ভালদৰে মনিব পৰা নাই। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।
Log in to join the discussion.