Posted by bulmoni • 7 days ago

গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।

Discussions (1)
bulmoni · 7 days ago
'মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ'। - উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ৰচিত প্ৰৱন্ধ 'অন্ধবিশ্বাস আৰু কুসংস্কাৰ'ৰ পৰা তুলি দিয়া হৈছে। বৰ্তমান যুগৰ উন্মত্ত ভোগবাদে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপেহে পৰিণত কৰাইছে। কৃচ্ছ সাধনাই হ'ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা। অথচ এই কৃচ্ছ সাধনাৰ পৰা আজিৰ মানুহক বহু দূৰলৈ আঁতৰাই নিছে ভোগ - বিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই। সমাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ, অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ, অমানৱীয় কাৰ্যকলাপ সংঘটিত হোৱাৰ এটা অন্যতম কাৰণ হৈছে বৰ্তমান সময়ৰ মানুহৰ অনিয়ন্ত্ৰিত আবেগ। আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ এটা মূল কাৰণ হৈছে অধ্যয়নবিমুখিতা। মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।
Log in to join the discussion.