Posted by bulmoni • 7 days ago
গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি।
Discussions (1)
bulmoni
·
7 days ago
"মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি।"
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত "প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা কৈছে। কবিয়ে মহাকাশৰ পৰা বিশাল হৃদয় আৰু উদাৰ দৃষ্টি, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আহৰণ কৰি মানৱতাক জয়গান গাবলৈ প্ৰয়াস কৰিছে।
Log in
to join the discussion.