Posted by bulmoni • 7 days ago

গ) পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ ।

Discussions (1)
bulmoni · 7 days ago
বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডঃ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত ‘যুঁজ’ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
সিদ্ধাৰ্থৰ মাক – দেউতাকৰ মাজত কাজিয়া আৰু শেষত বিচ্ছেদ – এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থৰ কুমলীয়া মনটো ভাগি – চিঙি থানবান হৈ গ’ল । তেওঁলোকৰ কাজিয়া ইমানেই তীব্ৰতৰ আছিল যে সিদ্ধাৰ্থৰ চকুপানীবোৰ তেওঁলোকে দেখাই নাপালে । সিদ্ধাৰ্থক মৰমৰ মাত এষাৰ দিয়া, মাৰ্গদৰ্শন কৰোৱা মানুহৰ অভাৱ হ’ল । ফলস্বৰূপে সিদ্ধাৰ্থ হৈ পৰিল নিঃসংগ আৰু হতাশাগ্ৰস্ত। পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ ।
Log in to join the discussion.