Posted by bulmoni • 7 days ago

গ) স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজেপতি বিন্ধে হুলে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে ।

Discussions (1)
bulmoni · 7 days ago
উপৰোক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য চয়নিকা' (নতুন)ৰ অন্তৰ্গত 'সুখ' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। স্বাৰ্থপৰ মানুহে যে জীৱনত পদে পদে দুখ পাবলগীয়া হয় সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে। স্বাৰ্থপৰ হৈ মানুহে ক্ষণিকৰ বাবে সুখ লভিলেও সেই সুখ চিৰস্থায়ী নহয়। আনক দুখ কষ্ট দি কেৱল নিজৰ ভাল সাধন কৰিবলৈ যত্ন কৰা মানুহ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। তেনেকুৱা মানুহৰ জীৱনৰ প্ৰতিটো খোজত হূল অথবা কাঁইট পুতি থোৱা থাকে বুলি কবিয়ে ব্যক্ত কৰিছে। অন্যহাতে নিঃস্বাৰ্থ ভাৱে জীৱন কটোৱা বা মানৱ সেৱা কৰা ব্যক্তি সকলৰ জীৱনৰ পথ খুব মসৃণ হয়, সেন্দুৰীয়া আলিদিয়েই তেওঁলোকৰ জীৱন আগুৱাই গৈ থাকে বুলি কবিয়ে উল্লেখ কৰিছে।
Log in to join the discussion.